চিলাপথাৰত বগীবিল সেৱাপথ ভূমি ক্ষতিপূৰণ দাবী সমিতিৰ সংবাদমেল

চিলাপথাৰত বগীবিল সেৱাপথ ভূমি ক্ষতিপূৰণ দাবী সমিতিৰ সংবাদমেল : সমিতিৰ বিৰুদ্ধে অপপ্ৰচাৰৰ অভিযোগ । ব্ৰহ্মপুত্ৰৰ চতুৰ্থখন দলং ধেমাজিৰ বগীবিল দলং নিৰ্মাণৰ বাবে কুলাজানৰ পৰা ব্ৰহ্মপুত্ৰলৈকে ৰেল বিভাগে স্থানীয় ৰাইজৰ ভূমি অধিগ্ৰহণ কৰি নিৰ্মান কৰিছিল এটা সেৱাপথ । সেই পথৰ বাবে অধিগ্ৰহণ কৰা ম্যাদী পট্টাযুক্ত মাটিৰ মালিকসকলে ক্ষতিপূৰণ পালে যদিও অধিকাংশ লোকৰ মাটিসমূহ ম্যাদী পট্টাযুক্ত নোহোৱাৰ বাবে ক্ষতিপূৰণৰ পৰা বঞ্চিত হয় । বঞ্চিত ৰাইজে নামৰ এখন সমিতি গঠন কৰি চৰকাৰৰ ওচৰত বিগত ওঠৰ বছৰে বিভিন্ন প্ৰকাৰে দাবী জনাই অৱশেষত উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি ক্ষতিপূৰণ পোৱাৰ পথ প্ৰশস্ত হোৱাৰ সময়তে একাংশ দুষ্ট চক্ৰৰ উচটনিত একাংশ লোকে সংবাদ মাধ্যমৰ যোগেদি সমিতিখনৰ অপপ্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছে । এক দুষ্ট চক্ৰৰ প্ৰৰোচনাত পৰি একাংশ মাটিৰ মালিকে সমিতিখনৰ বিৰুদ্ধে গৈ এক বেমেজালিৰ সৃষ্টি কৰাৰ অপচেষ্টা কৰিছে । সেই সন্দৰ্ভত আজি চিলাপথাৰত এখন সংবাদমেল অনুষ্ঠিত কৰি Area Development And Service Road Land Compensation Demand Committee Bogibil Project North Bank নামৰ সমিতিখনৰ সদস্যসকলে তেনে অপপ্ৰচাৰত ৰাইজক ভোল নাযাবলৈ আহ্বান জনায় আৰু অপপ্ৰচাৰকাৰী সকলক সংযত হবলৈ সকীয়াই দিয়ে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *