চিচিবৰগাঁৱত দিনজোৰা কাৰ্যসূচীৰে ধেমাজি জিলা অসম গণ পৰিষদ দলৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ।সহস্ৰাধিক দলীয় কৰ্মীৰ অংশগ্ৰহণ ।অসমত আঞ্চলিকতাবাদৰ পাতনি মেলা আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে চিচিবৰগাঁও চাৰিআলিত অৱস্থিত ৰাজহুৱা কৃষ্টি ভৱনত উদযাপন কৰা হয় । ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু চিচিবৰগাঁও, জোনাই আৰু ধেমাজি বিধান পৰিষদৰ সহযোগত উদযাপন কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ পিছতে আৰম্ভ হোৱা মুকলি সভা উদ্বোধন কৰে দলটোৰ প্ৰতিষ্ঠাকালৰ পৰা একনিষ্ঠ সেৱা আগবঢ়াই অহা চিচিবৰগাঁৱৰ সমাজকৰ্মী মহেশ্বৰ চুতীয়াই । সভাত সভাপতিত্ব কৰে জিলা সমিতিৰ সভাপতি লক্ষীধৰ শেনচোৱাই । সভাত অসমৰ আঞ্চলিকতাবাদৰ ধৱজাবাহক অসম গণপৰিষদ দলটোক পুনৰ উজ্জীৱিত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া বিভিন্ন কাৰ্য্যপন্থা সম্পৰ্কে বিভিন্নজনে বক্তব্য ৰাখে । অনুষ্ঠানত দলটোৰ কেন্দ্ৰীয় পৰ্য্যায়ৰ বহুকেইগৰাকী নেতাৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে । ধেমাজি জিলাখনত নতুনকৈ সৃষ্টি কৰা সংৰক্ষণমুক্ত চিচিবৰগাঁও বিধানসভা সমষ্টিটো অসম গণপৰিষদক এৰি দিবৰ বাবে বিজেপি তথা মিত্ৰজোঁটলৈ দেওবাৰে আবেলি পাঁচ বজাত সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে দলটোৰ জিলা সভাপতি লক্ষীধৰ শেনচোৱা তথা চিচিবৰগাঁও বিধান পৰিষদৰ সভাপতি হৰেন কছাৰীয়ে ।