চামগুৰি বৈদ্যুতিক উপ সংমণ্ডলৰ অধীনস্থ পূৱ লৰিমূখত বিদ্যুত বিভাগৰ হেমাহিক লৈ ৰাইজৰ উত্তাল প্ৰতিবাদ

চামগুৰি বৈদ্যুতিক উপ সংমণ্ডলৰ অধীনস্থ পূৱ লৰিমূখত মাজ নিশা বিদ্যুত বিভাগৰ হেমাহিক লৈ ৰাইজৰ উত্তাল প্ৰতিবাদ। সঘনাই বিদ্যুত কৰ্তন, বিসংগতিপূৰ্ণ বিদ্যুত মাচুল আৰু ল ভল্টেজ আদিক লৈ এই প্ৰতিবাদ সাব্যস্ত কৰে। বিদ্যুত বিভাগ হাই, হাই , বিদ্যুত মন্ত্ৰী হাই, হাই, চামগুৰি বৈদ্যুতিক উপ সংমণ্ডল হাই, হাই আদি ধ্বনিৰে প্ৰতিবাদ স্থলী উত্তাল কৰি তোলে। চামগুৰি বিদ্যুত উপ সংমণ্ডলৰ অধীনস্থ পূৱ লৰিমূখত বিদ্যুৎ বিভাগৰ মইমতালিকলৈ অতীষ্ঠ হৈ বিদ্যুৎ গ্ৰাহক সকল ঘৰৰ পৰা ওলাই এনেদৰে প্ৰতিবাদত নামিল। চামগুৰি বিদ্যুত বিভাগৰ বাবেই উৎকট গৰমত বিনিদ্ৰা ৰজনী পাৰ কৰিব লগীয়া হৈছে গাঁওবাসীয়ে।
পৰীক্ষা চলি থকাৰ সময়তে বিদ্যুত কৰ্তন আৰু ল ভল্টেজত অতিষ্ঠ অঞ্চলবাসী। মুখ্যমন্ত্ৰী আৰু বিভাগীয় কর্তৃপক্ষক এই ক্ষেত্ৰত উচিত তদন্তৰ দাবী জনায় বিদ্যুত গ্ৰাহক সকলে। বিপদ সংকুল বাবে বিদ্যুত তাৰ সংযোগ কৰাৰো অভিযোগ বিদ্যুত গ্ৰাহকৰ।
দুই শতাধিক ৰাইজে এক লগ হৈ মাজ নিশাত লৰীৰমুখ কাঠপাৰা সংযোগী পথেৰে মোবাইল ফ্লেছ জ্বলাই পদ যাত্ৰা কৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *