চামগুৰিৰ বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড

চামগুৰিৰ বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড। এখন বিদ্যুতৰ বিল দেখি চকু কপালত উঠিব আপোনাৰ। দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা এটা পৰিয়াললৈ নামি আহিছে কাল অমানিশা।
ৰূপহীহাটৰ ২নং ভাটিয়াখালী ৮১৯ নং DTR ৰ অন্তৰ্গত সুৰবানু নামৰ এগৰাকী মহিলাৰ নামত বৈদ্যুতিক বিল আহিছে ৫১৩৩১.০০ টকা। কিন্তু ৰহস্যজনক কথাটো হ’ল এই বিলৰ কোনো ৰিচিভ দিয়া নাই ,অনলাইন হে ওলাই দিছে। এমাহ পূৰ্বে বিল আহিছিল মাত্ৰ ৫০৮.০০ টকা।
ছামচুল ইছলাম আৰু দীপ জ্যুতি বৰা নামৰ বিদ্যুতৰ ঠিকাদাৰ দুজনৰ চৰম গাফিলতিৰ বাবেই বিলৰ পৰিমান আজি ৫১,০০০.০০ ৰ অধিক অহাৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী সুৰবানুৰ স্বামীয়ে । সামান্য বিল বাঢ়োতেই অৱগত কৰিছিল ঠিকাদাৰ দুজন আৰু চামগুৰি উপসংমণ্ডলক কিন্তু কোনো কাণসাৰ নিদিয়াৰ অভিযোগ। বিদ্যুৎ বিল ঠিক কৰাৰ বিনিময়ত ৩০০০ টকা বিচৰাৰ অভিযোগ ছামচুল ইছলাম ৰ বিৰুদ্ধে। উল্লেখ্য যে হকে বেহকে এজেন্ট নিয়োগ কৰাৰ ফলতেই এজেন্ট সকলে গাঁৱলীয়া সৰল-সোজা ৰাইজক লুটি আছে নামদাৰী এজেন্ট ঠিকাদাৰে ।ৰসহ্যজনক বাবে মৌনতা অৱলম্বন কৰি আহিছে বিভাগীয় কর্তৃপক্ষই।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *