ঘোচ লৈ নিলম্বন হ’ল আৰক্ষী বিষয়া

গাড়ীত বহি গণি গণি ঘোচ সংগ্ৰহ কৰা আটানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনঞ্জয় ৰাভাক তাৎক্ষানিকভাৱে নিলম্বন। স্থানীয় লোকৰ পৰা প্ৰৱঞ্চনামূলক কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ পোৱাৰ পাছতে নিলম্বন কৰা হৈছে ধনঞ্জয় ৰাভাক। সামজিক মাধ্যমত প্ৰকাশ পাইছিল উৎকোচ লোৱা ভিডিঅ’।কেইবাটাও স্থানীয় সংগঠন আৰু স্থানীয় লোকে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। ৰাভাৰ ওপৰত ব্যক্তিগত লাভৰ বাবে তেওঁৰ পদবী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল।তেওঁলোকে ধুবুৰীৰ আৰক্ষী অধীক্ষক আৰু ডিজিপি জি পি সিঙক পুংখানুপুংখ তদন্ত আৰম্ভ কৰিবলৈ আৰু বিষয়াজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আহ্বান জনাইছিল। ৰাইজৰ হুংকাৰৰ প্ৰতি সঁহাৰি জনাই দ্ৰুত পদক্ষেপ গ্ৰহণ কৰি ধনঞ্জয় ৰভাক তাৎক্ষণিকভাৱে নিলম্বন কৰা হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *