গৰাখহনীয়াত কবলত শ শ পৰিয়াল

বেকী নৈৰ প্ৰবল গৰাখহনীয়াত নিচিহ্ন হোৱাৰ পথত বাঘবৰ ৰাজহ চক্ৰৰ চানপুৰ, ৰচুলপুৰ আৰু সোণাপুৰ গাঁও।

এইবেলি বান আৰু খহনীয়াত গাঁও তিনিখনৰ পৰা অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ-বাৰী বেকী নৈৰ বুকুত সম্পূৰ্ণ জাহ যায়।

হাজি কৈফত আলী এম ই মাদ্ৰাছা, মছজিদ, দুটা প্ৰাথমিক বিদ্যালয় ইতিমধ্যে বেকী নদীৰ গৰাখহনীয়াত কবলত পৰিবলৈ অলপহে বাকী আছে।

জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু বৰপেটাৰ সাংসদ আব্দুল খালেকে গৰাখহনীয়াপীড়িত লোকৰ কোনো খবৰ নোলোৱাৰ লগতে খহনীয়া নিয়ন্ত্ৰণৰ বাবে অকনো চেষ্টা নকৰাৰ বাবে ৰাইজে ক্ষোভ প্ৰকাশ কৰে।

আজি ৰাইজৰ দলৰ সম্পাদক তথা জনীয়া সমষ্টিৰ যুৱ নেতা আশ্ৰাফুল ইছলামে সজাতি দলে গৰাখহনীয়াপীড়িত অঞ্চলত উপস্থিত হৈ স্থানীয় ৰাইজক লৈ বিভিন্ন শ্লোগানেৰে এক প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰে।

লগতে ৰাইজৰ দলৰ পৰা বাঘবৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু জল সম্পদ মন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰে যে এই গাঁও তিনিখন ৰক্ষাৰ বাবে খহনীয়া নিয়ন্ত্ৰণৰ বাবে বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

বান-খহনীয়াত গৃহহীন হোৱা লোকসকলৰ পুনৰ সংস্থাপনৰো দাবী জনায় ৰাইজৰ দলৰ নেতা আশ্ৰাফুল ইছলামে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *