গৌৰীপুৰৰ পানবাৰী শুপাৰীঘাট ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৰন্ধন গেছৰ ট্ৰাক আৰু দুচকীয়া বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই ভয়ংকৰ পথ দৃৰ্ঘটনা সংঘটিত হৈছেঃ নিহত হৈছে এগৰাকী বাইক আৰহী আৰু এগৰাকী গুৰুত্বৰ বাবে আহত হোৱাৰ বাতৰি আমালৈ গৌৰীপুৰৰ পৰাঃঘটনাস্হালীত গৌৰীপুৰ আৰু কাজিগাওঁৰ আৰক্ষী উপস্থিত হৈছেঃ AS—26C9531 নম্বৰৰ ৰন্ধন গেছ ভৰ্ত্তি ট্ৰাকখন বিলাসীপাৰাৰ পৰা ধুবুৰী অভিমুখে আহি আছিল আৰু দুচকীয়া নম্বৰ বিহীন জেচমিন নামৰ দুচকীয়া বাহনখন গৌৰীপুৰৰ পৰা বিলাসীপাৰা অভিমুখে গৈ আছিলঃবাইক আৰহী আৰু চালকজনৰ নাম আৰু ঠিকানা এতিয়াও জানিৱ পৰা নাইঃ জেচমিন নামৰ দুচকীয়া বাহনখনত থকা আন এগৰাকী ব্যক্তি গুৰুত্বৰ বাবে আহত হৈছে আৰু মৃত্যুৰ হৈতে যুঁজি আছে বুলি জানিৱ পৰা গৈছেঃ আৰক্ষীয়ে আহত ব্যক্তিজনক ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছেঃ ৰন্ধন গেছৰ ট্ৰাকৰ চালকজনৰ হেমাহিৰ বাবে এই পথ দুৰ্ঘটনা সংঘটিত হয় বুলি প্ৰতক্ষ্যদৰ্শীয়ে জানিবলৈ দিয়ে।
