গৌৰীপুৰত ৰাইজে আটক কৰে ড্ৰাগছ সহ এজন চাইকেল চোৰ

গৌৰীপুৰত ৰাইজে আটক কৰে ড্ৰাগছ সহ এজন চাইকেল চোৰ।গৌৰীপুৰ আৰক্ষী থানাৰ বাঘমাৰাত আজি এজন চাইকেল চোৰক আটক কৰি ৰাইজে গতাই দিয়ে গৌৰীপুৰৰ আৰক্ষীক।গাওঁখনৰ বাসিন্দা জহৰ উদ্দিন নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা তিনিদিন পূৰ্বে চোৰ কৰিছিল এখন চাইকেল এখন, নিকটৱৰ্তী ১১নং ৰিভাৰ ব্লক মাজেৰচৰ গাওঁৰ মনিৰ উদ্দিন নামৰ এই চোৰে।যুৱকজনে আজি পুনৰ বাঘমাৰা গাওঁত ঘূৰা — ফুৰা কৰি থাকোতে সন্দেহ বশত:ৰাইজে চোৰজনক আটক কৰি সোধা পোছ কৰোতে জোলোঙাৰ মেকুৰী ওলাই পৰে।চাইকেলখন চুৰ কৰি নিকটৱৰ্তী মহম্মদ আলী নামৰ লোকজনৰ ওচৰত ৮০০ টকাত বিক্ৰী কৰা বুলি স্বীকাৰ কৰে এইগৰাকী চোৰ মনিৰ উদ্দিনে।তাৰ পাছত স্থানীয় ৰাইজে তেওঁৰ মোনাত তালাচী চলাওতে ওলাই পৰে হিৰ‌ইনৰ এটা কন্টিনাৰ আৰু বেজী লোৱা এটা চিৰিঞ্জ।তাৰ পাছত চোৰটোক আটক কৰি ৰাইজে গৌৰীপুৰ আৰক্ষীৰ হাতত গতাই দিয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *