গৌৰীপুৰত পদপথত সন্তান প্ৰসৱ প্ৰসূতিৰ

গৌৰীপুৰত পদপথত সন্তান প্ৰসৱ প্ৰসূতিৰ

নিঃসহায় ! কৰুণ ! মৰ্মান্তিক ! এক ভয়াৱহ বেদনাদায়ক ঘটনা। বাট পথৰ দুৰৱস্থাৰ বাবেই পদপথতে সন্তান প্ৰসৱ প্ৰসূতিৰ। এয়া হৈছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গড়কাপ্তানি বিভাগৰ দুৰাৱস্থাৰ ঘটনা। পৰিবৰ্তনৰ শ্ল’গান দিয়া বিজেপি চৰকাৰৰ দিনতেই বাৰে বাৰে সংগঠিত হয় এনে ঘটনা। কাহিনী সন্ধিয়াৰ! পথৰ দুৰৱস্থাৰ বাবেই এম্বুলেন্স সেৱাই ঢুকি নোপোৱা এখন গাঁও। গাঁও খন হৈছে সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি জাহিৰ কৰা পোন্ধৰ বছৰীয়া কাৰ্যকালৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু দুবাৰৰ বিধায়ক নিজানুৰ ৰহমানৰ গৃহ সমষ্টি বাগমাৰা গাঁৱ । ধুবুৰী জিলাৰ গৌৰীপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বাঘমাৰা অঞ্চলৰ আবজালুৰ শেখৰ পত্নীক অটোৰে অতি দুৰ্গম পথেৰে চিকিৎসালয় লৈ নিয়াৰ পথত প্ৰসৱ যন্ত্ৰনাত ছটফটাই পদপথত সন্তান প্ৰসৱ কৰে প্ৰসূতিয়ে । উল্লেখ্য যে মন্ত্ৰী ৰঞ্জিত দাসৰ PNRD বিভাগে কোটি কোটি টকা ৰাস্তা নিৰ্মাণৰ নামত খৰচ কৰিলে যদিও অকণো পৰিবৰ্তন কৰিব নোৱাৰিলে এই বোৰ অঞ্চল। ইফালে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ স্বাস্থ্য বিভাগৰ চিকিৎসালয় প্ৰয়োজনেই নহল প্ৰসূতি জনীৰ। বাঘমাৰা অঞ্চল বাসীয়ে কেতিয়া লাভ কৰিব মৃত্যুঞ্জয় ১০৮ এম্বুলেন্স সেৱা ? এনেদৰে আৰু কিমান জনী গৰ্ভৱতীয়ে কৰিব পদপথত প্ৰসৱ ? এইবোৰ প্ৰশ্নই এতিয়া ৰাইজৰ মুখে মুখে চৰ্চিত হৈছে। 

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *