মুষলধাৰ বৰষুণৰ মাজতে গৌৰীপুৰত দাউ দাউকৈ জ্বলিল এখন বাহন বাহন ৷
গৌৰীপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বলদমাৰাত সংগঠিত হৈছে এই ঘটনাটো।
উল্লেখযোগ্য যে বৃহস্পতি বাৰৰ শেষ নিশা দাউ দাউ জ্বলিল চাৰিচকীয়া বিলাসী বাহন খন।
জানিব পৰা মতে নিমিষতে বাহন খন জ্বলি-পুৰি ভষ্মীভুত হয় ।
কি কাৰণত বাহন খন এনেদৰে জ্বলি উঠিলে সেয়া ৰহস্যজনক ৷
এতিয়ালৈকে জানিব পৰা হোৱা নাই ইয়াৰ প্ৰকৃত ৰহস্য ৷
দিনে নিশাই মষুলধাৰ বৰষুণ চলি থকা সময়তে কেনেদৰে জ্বলিল এই বিলাসী বাহন খন ?
ইতিমধ্যে গৌৰীপুৰ আৰক্ষীয়ে বিষয়টোৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে।
এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
