গৌৰীপুৰত এইবাৰ অসম আৰক্ষীৰ পুত্ৰই নামিলে চুৰি কাণ্ডত।
গৌৰীপুৰত এইবাৰ অসম আৰক্ষী পুত্ৰই নামিচে চুৰি কাণ্ডত। গৌৰীপুৰ আৰক্ষী থানাৰ আশাৰীকান্দি গাওৰ প্ৰয়াত আৰক্ষী বিষয়াৰ পুত্ৰ আকাশ বৰ্মন (২২) বুলি জানিব পৰা গৈছে। ড্ৰাগছ আসক্ত যুৱক বুলি অভিযোগ উত্থাপিত হৈছে কৰিছে একাংশ ৰাইজে।
ড্ৰাগছ সেৱন কৰিবলৈ প্ৰয়োজনীয় টকা নথকা বাবে তেওঁ অঞ্চলটোৰ বহু মূল্যবান সম্পদ চুৰি কৰাৰ লগতে আজি ইৰিক্সাৰ চাৰ্জ কৰা মেছিন চুৰ কৰি নিজৰ ঘৰত মজুত কৰি ৰখা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।আজি পূৱা ১০মান বজাত এখন ইৰিক্সাৰৰে তিনিটা চাৰ্জিং মেছিন লৈ যোৱা অৱস্থাত ৰাইজে হাতে লটে আটক কৰি গৌৰীপুৰ আৰক্ষীক গতাই দিয়ে। একে খন গাঁওৰে বাসিন্দা ৰাধে শ্যামৰ আৰু নিতেশ বৰ্মন নামৰ ব্যক্তি জনৰ ইৰিক্সা চাৰ্জিং মেছিন চুৰি কৰিছিল যুৱকজনে।
ইতিমধ্যে গৌৰীপুৰ আৰক্ষীয়ে যুৱকজনক আটক কৰি স্বাস্থ্য পৰীক্ষাৰ অন্তত থানা লৈ আনে। চোৰ জনক ইতিমধ্যে আৰক্ষীয়ে সোধ পোচ কৰাৰ বাবে থানালৈ আনে কিন্তু পৰবৰ্তী সময়ত কি পদক্ষেপ লয় সেয়া হব লক্ষণীয় বিষয়।