গোৱালপাৰা জিলাৰ ধনুভাঙাত গৰু সৰবৰাহ

গোৱালপাৰা জিলাৰ ধনুভাঙাত ৰাইজৰ সহযোগত ধূপধৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ২১ টা কৈ মেঘালয়লৈ সৰবৰাহ কৰিবলৈ লোৱা গৰু।

ধনুভাঙাৰ জলাপাৰাত দুখনকৈ ডি আই বাহনেৰে মেঘালয়লৈ গৰু কেইটা সৰবৰাহ কৰি থকাৰ সময়তে ৰাইজে বাহন দুখন আবদ্ধ কৰাত পোহৰলৈ গৰু সৰবৰাহ ঘটনাটি।

এজন সৰবৰহীক আটক কৰা হয় যদিও বাকী কেইজন এন্ধাৰ ৎৰ সুযোগ লৈ ঘটনাস্থলীত বাইক এৰি পলায়ন কৰে।

উত্তেজিত ৰাইজে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে বাইক দুখন।

ডি আই বাহন দুখনতো আত্ৰমণ কৰি ক্ষতি সাধন উত্তেজিত ৰাইজৰ।

ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে গৰু কেইটা জব্দ কৰি থানালৈ লৈ অনাৰ লগতে গৰু সৰবৰাহত ব্যৱহাৰ কৰা ডি আই বাহন, দুখন বাইক লৈ আনে থানালৈ।

গৰু সৰবৰাহ কৰাৰ ক্ষেত্ৰত ৰংজুলি আৰু ধনুভাঙাৰ দুজনকৈ সমাজকৰ্মী জৰিত থকাৰ কথা উল্লেখ ধৃত গৰু সৰবৰহীৰ।

বাহন দুখনৰ নম্বৰ AS 25- CC 5290, AS 25 DC- 4159।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *