গোৰেশ্বৰ-খৈৰাবাৰী পথত ডাম্পাৰৰ দৌৰাত্ম্য

পি ডব্লিউ বিভাগে নিষিদ্ধ কৰা গোৰেশ্বৰ-খৈৰাবাৰী পথত ডাম্পাৰৰ দৌৰাত্ম্য।চালান অবিহনে চলিছে শিল-বালিৰ অবৈধ সৰবৰাহ ।বাক্সা আৰু ওদালগুৰি জিলাৰ গোৰেশ্বৰ -খৈৰাবাৰী পথত চলিছে চালানবিহীন ডাম্পাৰৰ দৌৰাত্ম্য। বন বিভাগৰ একাংশ অসাধু বিষয়াৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি জিলা দুখনত চলি আছে শিল,বালিকলৈ অবৈধ সৰবাৰাহ ।

ওদালগুৰি জিলাৰ ডিমাকুছিৰ গীতিবাৰী নৈৰ কেইবাটা স্হানত চলি থকা মহলৰ পৰা দৈনিক কুড়িখনৰো অধিক ডাম্পাৰেৰে প্ৰকৃতি প্ৰদত্ত শিল ,বালিৰ অবৈধ সৰবৰাহ কৰি থকাৰ অভিযোগ উত্থাপন হৈছে । উল্লেখ্য যে শেহতীয়াকৈ হোৱা বানপানীয়ে ক্ষতিগ্ৰস্থ কৰা গোৰেশ্বৰ-খৈৰাবাৰী পথত গড়কাপ্তানী বিভাগে সৰু গাড়ীৰ বাহিৰে ডাঙৰ গাড়ীৰ চলাচল নিষিদ্ধ কৰি দিয়ে। ইয়াৰ পাছতো ডাঙৰ গাড়ী চলাচল কৰি থকাত আজি গোৰেশ্বৰৰ কেৰ্পাভিটাত স্থানীয় একাংশ যুৱকে এখন ডাম্পাৰ ৰখাই চালকক সবিশেষ সোধাপোচা কৰাত এই অভিযোগৰ সত্যাসত্য পোহৰলৈ অহাত ডাম্পাৰখন গোৰেশ্বৰ আৰক্ষীক চমজাই দিয়ে।

অভিযোগ মতে ওদালগুৰি জিলাৰ ধনশ্ৰী বন সংমণ্ডলৰ একাংশ বিষয়াৰ ছত্ৰছায়াত সম্প্ৰতি গীতিবাৰী নৈৰ পৰা কেৰ্পাভিটা-গোৰেশ্বৰ হৈ ডাম্পাৰেৰে চালান অবিহনে চলি আছে শিল,বালিৰ অবৈধ সৰবাৰাহ। অভিযোগ মতে অধিকাংশ ডাম্পাৰৰ মালিকে তাৰিখৰ স্হানত অভাৰলিপিং কৰা এখন চালানেৰেই কেইবাবাৰো শিল, বালি সৰবৰাহ কৰে।

এই অবৈধ কাৰবাৰত জড়িত মালিকসকলে এনেদৰে শিল,বালি সৰবৰাহ কৰাৰ বাবদ বন বিভাগৰ নিৰ্দিষ্ট বন শিবিৰত প্ৰতিটো ট্ৰিপত ৩০০ টকাকৈ কমিচন দি চৰকাৰক ৰাজহ ফাঁকি দি আহিছে বুলিও অভিযোগ উত্থাপন হৈ আহিছে ।

যি সময়ত চৰকাৰৰ আৰ্থিক স্হিতি সবল নোহোৱাৰ বাবে বিভিন্ন উৎসৰ পৰা ঋণ লব লগা হৈছে তেনে সময়ত বন বিভাগৰ একাংশ বিষয়াৰ লুণ্ঠনৰাজৰ বাবে চৰকাৰে দৈনিক অৰ্ধ লক্ষাধিক টকাৰ ৰাজহ হেৰুৱাৰ পাছতো বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু চকু মুদা কুলিৰ ভাও ধৰা বুলি অভিযোগ উঠিছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *