গোৰেশ্বৰৰ মহৰিপাৰাৰ নাটকুছিত ভয়াবহ বানৰ আশংকা, শুক্লাই নৈৰ জলস্তৰ বৃদ্ধি হোৱাত ৭ খনকৈ গাঁৱৰ নিদ্ৰাহৰণ।বাক্সা জিলাৰ গোৰেশ্বৰৰ মহৰিপাৰাৰ নাটকুছিত শুক্লাই নৈৰ বাঢ়নী পানীয়ে ভয়াবহ বানপ্ৰলয় সৃষ্টি কৰাৰ আশংকাত শংকিত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ। বিশেষকৈ যোৱা তিনিদিন ধৰি নেৰানেপেৰাকৈ দি থকা মুখলধাৰ বৰষুণৰ ফলত শুক্লাই নৈৰ পানী ফেনেফোটোকাৰে বৃদ্ধি হৈ ভয়ংকৰ ৰূপ ধাৰণ কৰাত অঞ্চলটোৰ ৰাইজে এতিয়া বিনিদ্ৰ ৰজনী পাৰ কৰিছে। খহনীয়া ৰোধৰ বাবে নিৰ্মাণ কৰা মথাউৰিৰ জিওবেগবোৰ নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াত যিকোনো মূহুৰ্ততে মথাউৰি ছিঙি যোৱাৰ আশংকা বৃদ্ধি পাইছে।বান বিধ্বস্ত অঞ্চল হিচাপে পৰিগণিত মহৰিপাৰাৰ নাটকুচিৰ ৰাইজে অভিযোগ উত্থাপন কৰা মতে লুণ্ঠনৰ অংকত ঠিকাদাৰে মঠাউৰিৰ লগতে জিঅ বেগ নিৰ্মাণৰ কামত চুড়ান্ত গাফিলতি কৰিছে। আগন্তুক সময়ত বৰষুণৰ ফলত শুক্লাই নৈৰ জলস্তৰ বৃদ্ধি হৈ মথাউৰি ছিঙি নিলে বৃহত্তৰ অঞ্চলটোত ভয়াবহ বানৰ কবলত পৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰাত স্থানীয় ৰাইজে শীঘ্ৰে মথাউৰিটো ভালকৈ মোৰামতি কৰি বানপ্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে।
