গোসাঁইগাঁৱত চোৰাং চিকাৰী আটক ।ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বন্য জীৱ জন্তু হত্যাৰ অপৰাধত আটক তিনিজন । চোৰাং চিকাৰী কেইজন ক্ৰমে অনাম বসুমতাৰী(৪৫),বেদলাও বসুমতাৰী(৪০) আৰু কুলু কইলা(৫৫)আটাইৰে ঘৰ কচুগাঁৱত।হাতী, হৰিণ,বাঘ আদি বন্য জীৱ জন্তু চিকাৰ কৰাৰ তথ্য লাভ কৰিছিল বনৰক্ষী বাহিনীয়ে ।৫ কেজি নাহৰফুটুকী বাঘৰ মাংসৰ লগতে বাঘৰ ছাল উদ্ধাৰ।
কচুগাওঁ চেণ্ট্ৰেল ৰেঞ্জৰ ৰেঞ্জাৰ বিষয়া পেৰিচ বসুমতাৰীৰ নেতৃত্বত বন বিভাগ আৰু SSB ৰ যৌথ অভিযান।আটাইকেইজনক গোচৰ ৰুজু কৰি আদালত লৈ প্ৰেৰন কৰে ।ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পলো নদীৰ ওচৰত চিকাৰী তিনিজনে মাংসবোৰ শুকাই আছিল। চাৰি নম্বৰ ৰাইটত বন বিভাগে গোপন খৱৰৰ ভিত্তিত চোৰাং চিকাৰী তিনিজনক আটক কৰাৰ লগতে বাঘৰ মাংস আৰু ছাল উদ্ধাৰ কৰে।