গোলাঘাট আজি মুখ্যমন্ত্ৰীয়ে,শিলান্যস কৰে ১৪ খন আচঁনিৰ

গোলাঘাট আজি মুখ্যমন্ত্ৰীয়ে,শিলান্যস কৰে ১৪ খন আচঁনিৰ

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে গোলাঘাট জিলাৰ মেডিকেল কলেজকে ধৰি বিভিন্ন ঠাইত মুঠ ১৫৭৫.৩৯ কোটি টকা ব্যয়সাপেক্ষে কেইবাটাও বিভাগৰ ১৩ খন আঁচনিৰ শিলান্যাস কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে দিনৰ প্ৰায় ১১ বজাত সমন্বয় ক্ষেত্ৰত এই কাৰ্যসূচীত ভাগ ল’য় । অনুষ্ঠানত গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী আৰু স্বাস্থ্য, চিকিৎসা শিক্ষা আৰু গৱেষণা আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, কৃষি, পশুপালন আৰু পশুচিকিৎসা আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, বিত্ত, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, শক্তি, সমবায় আদি বিভাগৰ মন্ত্ৰী নন্দিতা গৰ্লোচা, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকে ।আজিৰ এই সভাত গোলাঘাট সমম্বয়ক্ষেত্ৰ লোকে লোকাৰণ্য হোৱা দেখা গ’ল।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *