গোলকগঞ্জৰ বেলগুৰী সংগঠিত হয় ভয়ংকৰ ঘটনা । ধান কটা কাঁচিৰে ডিঙিত ৰেপ দি এজন ই-ৰিক্সা চালকক হত্যাৰ চেষ্টা ।
গোলকগঞ্জৰ বেলগুৰি দ্বিতীয় খণ্ড গাওঁত ই-ৰিক্সা চালক আনন্দ পোদ্দাৰক হত্যাৰ চেষ্টা ।
বেলগুৰিৰ গংগাধৰ নৈৰ দাঁতিত সংঘটিত হয় এই ভয়ংকৰ ঘটনা । এজন যুৱকে ই-ৰিক্সা খন ভাড়াত নি লৈ গৈছিল বেলগুৰি দ্বিতীয় খণ্ড গাওঁৰ গংগাধৰ নৈৰ কাষলৈ ।
তাৰ পিছতে ধান কটা কাঁচিৰে ডিঙিত উপৰৰ্যূপৰি ৰেপ দিয়ে ই-ৰিক্সা চালক জনৰ ডিঙিত ।
ঘটনাৰ খবৰ পাই আগমনি আৰক্ষী উপস্থিত হয় ঘটনাস্থলিত ।
সংকটজনক অৱস্থাত ই-ৰিক্সা চালক যুৱক জনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ ।
কিন্তু কি কাৰনত সংঘটিত হ’ল এই ঘটনা সেয়া এতিয়াও ৰহস্যৰ আবৰ্তত ।
আৰক্ষীৰ সঠিক তদন্তত হে পোহৰলৈ আহিব সমগ্ৰ ঘটনা ।
সমগ্ৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।
ই-ৰিক্সা চালকৰ ঘৰ গোলকগঞ্জত বুলি জানিব পৰা গৈছে।
