গুগল মেপে পুনৰ পেলালে বিপদত

আকৌ গুগল মেপে প্ৰদান কৰিলে ভুল তথ্য । গুগল মেপ অনুসৰণ কৰি এখন বাহন দুৰ্ঘটনা পতিত হোৱাৰ খবৰ লাভ কৰা গৈছে । এয়াৰবেগ খোল খোৱাৰ বাবে কথমপি প্ৰাণ ৰক্ষা পৰিল বাহনখনত থকা যাত্ৰীসকল ।কিছুদিন পূৰ্বে গুগল মেপ অনুসৰণ কৰি নিৰ্মাণ কৰি থকা এখন দলঙৰ পৰা এখন গাড়ী বাগৰি পৰা ফলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল । একেদৰে মথুৰা-বেৰেইলী ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। বৰেলীৰ পৰা মথুৰা-বৃন্দাবন ভ্ৰমণ কৰিবলৈ যোৱা দুজন যুৱকৰ গাড়ীখন নিৰ্মাণৰত পথত দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ কাৰণ গুগল মেপে প্ৰদান কৰা ভুল দিশ আৰু ঘাইপথত ডাইভাৰচন বৰ্ডৰ অভাৱ বুলি কোৱা হৈছে।এই দুৰ্ঘটনা সংঘটিত হৈছে হাথৰাছ জংচন থানা এলেকাত। মথুৰা-বেৰেইলী ঘাইপথৰ নিৰ্মাণকাৰ্য চলি থকাৰ পিছতো কোনো ডাইভাৰচন বৰ্ড বা সতৰ্কবাণী চিন নাছিল। গুগল মেপৰ পৰা পোৱা ভুল তথ্য আৰু পথত সুৰক্ষা ব্যৱস্থাৰ অভাৱে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ মূল কাৰণ বুলি অভিযোগ উত্থাপন হৈছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *