গাইনদীৰ পাৰত অবৈধ খননক লৈ ৰাইজৰ প্ৰতিবাদ ।পিয়ুষ হাজৰিকা মূর্দাবাদ, জলসম্পদ বিভাগ মূর্দাবাদ ধৱনিৰে উত্তাল গাইনদীৰ পাৰ ।ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ মাজেৰে বৈ যোৱা খৰস্ৰোতা গাইনদীৰ বানে যুগ যুগ ধৰি ৰাজহচক্ৰটোৰ ৰাইজক জ্বলাকলা খোৱাই আহিছে । এই বছৰ বৰ্তমানলৈকে গাইনদীৰ বানে নামনি অংশৰ বাদে আন ঠাইত বিশেষ ক্ষতিসাধন কৰা নাই । কিন্তু একাংশ জলসম্পদ বিভাগৰ কৰ্মচাৰীৰ জ্ঞাতসাৰে গাইনদীৰ বক্ষত কোনো স্বাৰ্থজড়িত পক্ষই বালি খনন কৰা কাৰ্যৰ বিৰুদ্ধে আজি গাইনদীৰ পাৰত একত্ৰিত হল শতাধিক অঞ্চলৰ পুৰুষ-মহিলা । গাইনদীৰ বাওঁ পাৰৰ মথাউৰীৰ মাত্ৰ কেইমিটাৰমান দুৰতে বালি খনন কৰি খাল খান্দি ঘৰিয়াল মাতি অনাৰ দৰে কাৰ্য্য সংঘটিত কৰিছে অজ্ঞাত কোনো দুষ্ট চক্ৰই আৰু সকলো দেখিও চকু মুদা কুলিৰ ভাও ধৰিছে জলসম্পদ বিভাগৰ কৰ্মচাৰীয়ে । নদীৰ বক্ষত এইদৰে কৰা অবৈধ খনন বন্ধ কৰাৰ দাবীত জলদম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা মূর্দাবাদ, জলসম্পদ বিভাগ মূর্দাবাদ, অবৈধ খনন বন্ধ কৰক আদি বিভিন্ন শ্লোগান দি গাইনদীৰ পাৰ উত্তাল কৰি তোলে শতাধিক স্থানীয় ৰাইজে ।
