গহপুৰৰ হেলেমত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড

গহপুৰৰ হেলেমত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। স্বামীয়ে মৰিয়াই মৰিয়াই পত্নীক হত্যাৰ অভিযোগ। বৃহস্পতিবাৰে আৰক্ষীয়ে জনাই এই কথা।

উল্লেখযোগ্য যে আৰক্ষীয়ে জনোৱা অনুসৰি ৬ মে’ত এগৰাকী মহিলাই আত্মহত্যা কৰাৰ খবৰ লাভ কৰিছিল। তাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল। এয়া এক হত্যাকাণ্ড বুলিহে সন্দেহ কৰিছিল আৰক্ষীয়ে আৰু আটক কৰিছিল অভিযুক্ত স্বামী কুশল শইকীয়া।

পৰৱৰ্তী সময়ত অভিযুক্তক আদালতত হাজিৰ কৰোৱা হৈছিল আৰু আদালতে ৩ দিনৰ আৰক্ষী জিম্মা দিছিল। বৰ্তমান আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত।

স্থানীয় লোকে ঘটনাৰ দিনা নিশা মহিলা গৰাকীৰ চিঞৰ শুনিছিল গাঁৱবাসীয়ে। চিঞৰি চিঞৰি কান্দি মহিলা গৰাকীয়ে নামাৰিবলৈ অনুৰোধ জনাইছিল। আৰু পৰৱৰ্তী সময়ত মহিলা গৰাকীৰ মৃতদেহ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল।

অঞ্চলবাসীয়ে এই ঘটনাৰ উচিত তদন্ত বিচাৰি প্ৰতিবাদ সাৱ্যস্ত কৰাও দেখা যায়। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *