খিলঞ্জীয়া যুৱকক প্ৰহাৰ

ৰাজ্য়ত অনাঅসমীয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্য়াহত থকাৰ মাজতে পুনৰ বহিৰাগতৰ আক্ৰমণত আহত হ’ল এজন খিলঞ্জীয়া যুৱক । ডেলিভাৰী বয় হিচাপে কৰ্মৰত যুৱক এজনক সামান্য় কথাতেই গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে বহিৰাগত পৰিয়াল এটাৰ পিতা-পুত্ৰই । যুৱকজনে ডেলিভাৰী দিবলৈ যাওতেই সংঘটিত হয় এই ঘটনাটো । এইবাৰ ঘটনাৰ স্থান তিনিচুকীয়া । ডেলিভাৰী বয় হিচাপে কৰ্মৰত কাকপথাৰৰ ৰঞ্জন মৰাণ নামৰ যুৱকজনক ডেলিভাৰী দিবলৈ যাওতে চলিহানগৰত বহিৰাগত পিতা-পুত্ৰই প্ৰহাৰ কৰে ৷ ইয়াৰ পিচতেই যুৱকজনে উক্ত ঘটনাৰ বিষয়ে তেওঁ কৰ্মৰত কোম্পানীটোৰ বিষয়াক অৱগত কৰে । পৰৱৰ্তী সময়ত অভিযুক্ত পিতা-পুত্ৰৰ বিৰুদ্ধে তিনিচুকীয়াৰ সদৰ আৰক্ষী থানাত যুৱকজনৰ লগতে ডেলিভাৰী কোম্পানীয়ে দাখিল কৰে এজাহাৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *