খাৰুপেটীয়া পৌৰসভাৰ নাভূত নাশ্ৰুত কাণ্ড

খাৰুপেটীয়া পৌৰসভাৰ নাভূত নাশ্ৰুত কাণ্ড । এশ শতাংশৰো অধিক হাৰত টেক্স বৃদ্ধি ।বছৰেকত হাজাৰ টকাৰ টেক্স বৃদ্ধি কৰিলে লাখ টকালৈকে
দৰঙৰ খাৰুপেটীয়া পৌৰ সভাৰ Anual Rental Value অভাৱনীয় হাৰত বৃদ্ধিৰ জাননীক লৈ নগৰবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া ।অত্যাধিক হাৰত Land value বৃদ্ধিৰ জাননীয়ে হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বিশেষকৈ মধ্যবিত্ত আৰু দুখীয়া ৰাইজৰ মাজত। একাংশই দিলে আত্মহত্যাৰ ভাবুকি।এই বৃদ্ধিহাৰত অসমৰ্থ একাংশই খাৰুপেটীয়া টাউন এৰি গাঁৱলৈ গুচি যোৱাৰো হুংকাৰ দিয়ে। উল্লেখ্য যে অলপতে দৰঙৰ খাৰুপেটীয়া পৌৰসভাৰ সভানেত্ৰী কৃষ্ণা সাহাৰ স্বাক্ষৰিত জাৰি কৰা জাননীত উল্লেখ কৰা মতে ৰাষ্ট্ৰীয়পথতৰ সংলগ্ন ব্যক্তিগত ঘৰসমূহ , ব্যক্তিগত স্কুল, ৰাজহুৱা অনুষ্ঠান আদি নিম্নতম 270 টকাৰ পৰা 812 টকালৈ স্কুৱাৰফুট হিচাপে বৃদ্ধি কৰিছে ।আনফালে নগৰখনৰ অন্তৰ্গত আণ্ডাৰগ্ৰাউণ্ডৰ পৰা ছমহলীয়া অট্টালিকা পাৰ্কিং , ওৱেৰহাউছ আদিৰ প্ৰতি স্কুৱাৰফুটত নিম্নতম 500 ৰ পৰা 1900 টকালৈকে বৃদ্ধি কৰিছে । অভিযোগ মতে নগৰখনৰ বাসিন্দা এজনে ইমান বছৰে এটি কেচা ঘৰৰ বছৰেকীয়া 56 টকা টেক্স ৰ বিপৰীতে এইবাৰ জাননী মতে 14 ,000 টকা দিব লাগিব ।কোনোবাই 2000 টকা দি আহিছিল এটি পকা ঘৰৰ টেক্স কিন্ত বৰ্তমান ইয়াৰ বিপৰীতে দিব লাগিব নতুন জাননী মতে 50, 000 টকা ।
এইদৰে টেক্স বৃদ্ধি কৰা তালিকা মতে সহস্ৰাধিক গুনে বৃদ্ধি পাইছে নগৰৰ টেক্স ।এই অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা টেক্স অতিশীঘ্ৰেই কমাই দি স্বাভাৱিক হাৰত কমাবলৈ নগৰবাসীয়ে দাবী জনাইছে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক । অন্যথায় ইয়াৰ বিৰুদ্ধে ৰাজপথত নামিবলে বাধ্য হস নগৰবাসী

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *