খালিস্তানী নেতা অমৃতপাল সিঙৰ খুড়াককো অনা হ’ল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ।আজি আৰু ১১ জন খালিস্তানীক অনাৰ সম্ভাৱনা আছে।গুৱাহাটীৰ পৰা স্থলপথেৰে বিশাল কনভয়ৰ জৰিয়তে ডিব্ৰুগড়ৰ কেন্দ্রীয় কাৰাগাৰলৈ অনা হয় খালিস্তানী নেতা অমৃতপাল সিঙৰ খুড়াক হৰজিৎ সিঙ সহ ব্যক্তিগত গাড়ীচালকগৰাকীক ।পঞ্জাৱ আৰক্ষীৰ আগত আত্মসমর্পণ কৰাৰ পাছতে হৰজিৎ সিঙক ডিব্ৰুগড়ৰ কাৰাগাৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে পঞ্জাৱ আৰক্ষীয়ে।
