খটখতিত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি



খটখতিত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি

পুনৰ বোকাজান মহকুমা আৰক্ষীৰ বৃহৎ সাফল্য।

খটখতি আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় এই বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি সমূহ।

আজি নিশা ডিমাপুৰ দিশৰ পৰা আহি থকা WB-23D-4159 নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই ৩০বেগ চুপাৰি ভৰ্তি বস্তা আৰু ৪৩টা চুপাৰি ভৰ্তি কাৰ্টুন জব্দ কৰিবলৈ সক্ষম হয় খটখতি আৰক্ষী।

উল্লেখনীয় বিষয়টো হল যে ধৃত সৰবৰাহকাৰীয়ে অতি কৌশলতাৰে চুপাৰি ভৰ্তি কাৰ্টুন সমূহ AMAZONE ৰ নাম লগোৱাৰ লগতে আদা বস্তা সমূহৰ তলত লুকুৱাই সৰবৰাহৰ চেষ্টা চলাইছিল বাৰ্মিজ চুপাৰি সমূহ।

জব্দকৃত চুপাৰি সমূহ ইম্ফলৰ পৰা ছিলিগুৰিলৈ নিয়াৰ কথা উল্লেখ কৰিছে ট্ৰাকখনৰ চালকে।

খটখতি আৰক্ষীয়ে চুপাৰি সন্দৰ্ভত উমেশ ৰাই নামৰ এটাক আটক কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *