কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰত শোকাৱহ ঘটনা

কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰত শোকাৱহ ঘটনা। ষাঁড় গৰুৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এটি কণমানিয়ে। ঈশানছেৰা উপ স্বাস্থ্যকেন্দ্ৰত টিকাকৰণৰ বাবে পিতৃয়ে নিছিল শিশুটিক। তেনে সময়তে আদবাটতে ষাঁড়টোৱে আক্ৰমণ কৰে পিতৃক। ষাঁড়টোৰ আক্ৰমণত পিতৃৰ কোলাৰ পৰা ছিটিকি পৰে শিশুটি। ষাঁড়ৰ আক্ৰমণত আহত পিতা-পুত্ৰক প্ৰেৰণ কৰা হয় হাস্পতাললৈ। চিকিত্সালয়লৈ নিয়াৰ পথতে মৃত্যুমুখত পৰে আঘাতপ্ৰাপ্ত শিশুটিৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *