কোকৰাঝাৰত আৰক্ষীৰে সংঘৰ্ষত দুগৰাকী KLO সদস্য নিহত হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া

কোকৰাঝাৰত আৰক্ষীৰে সংঘৰ্ষত দুগৰাকী KLO সদস্য নিহত হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া KLO শান্তি কমিটিৰ সদস্য বিশ্বজিৎ ৰায়ৰ।সঁচাকৈ সংঘৰ্ষত নিহত হৈছে নে নাই ন্যায়িক তদন্তৰ দাবী বিশ্বজিৎ ৰায়ৰ।ঘটনা সন্দৰ্ভত কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধিক্ষকৰ ভাষ্যত সন্দেহ প্ৰকাশ কৰিছে ৰায়ে।আৰক্ষীয়ে যিখিনি অস্ত্ৰ প্ৰদৰ্শন কৰিছে তাৰ দ্বাৰা তেনে অস্ত্ৰৰে কে এল অ’ ৰ সদস্যই আৰক্ষীৰ লগত সংঘৰ্ষ কৰা সম্ভৱ নহয়।যিটো কাৰণত সদস্য সকলক আটক কৰি শিতল মস্তিষ্কৰে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে শান্তি কমিটিৰ সদস্য বিশ্বজিৎ ৰায়ে।আনহাতে KLO ৰ অধ্যক্ষ জীৱন সিংহই কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি চুক্তি আলোচনাৰ বাবে আগবাঢ়ি আহিছে তেনে সময়তে তেওঁলোকৰে সদস্যই আন এটা সংগঠন খুলি ধনদাবী, কুটাঘাত কৰিব লৈছে এয়া দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে বিশ্বজিৎ ৰায়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *