দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দুৰ্নীতিৰ গোচৰত চিবিআয়ে কাৰ্যালয়ত উপস্থিত হোৱাৰ বাবে কোৱাৰ পিছৰে পৰা আপৰ কৰ্মীসকলৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল।চৰ্চা হৈছিল যে কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হ’ব। কিন্তু ৯ ঘণ্টাৰ পিছত চিবিআইৰ জিম্মাত থকা অৰবিন্দ কেজৰিৱাল ওলাই আহিল।উল্লেখযোগ্য যে চিবিআইৰ কাৰ্যালয়ৰ পৰা ওলাই আহি চিবিআইৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিলে কেজৰিৱাল। তেওঁ কয় যে দিল্লীৰ আবকাৰী নীতিৰ সৈতে জড়িত সমগ্ৰ গোচৰটো ভুৱা। কেজৰিৱালৰ বিৰুদ্ধে চিবিআইৰ হাতত নাই কোনো প্ৰমাণ।
