কাৰবি আংলং জিলাৰ খটখটী গৌতম বস্তিত শোকাবহ পথ দুর্ঘটনা।
খটখটী আৰক্ষী থানাৰ অন্তৰ্গত গৌতম বস্তিৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনাটো ।
দুৰ্ঘটনাটোত দুজন বাইক আৰোহী থিতাতে নিহত।
গুৰুতৰ ভাবে আহত তিনিজন ।
ডিমাপুৰৰ দিশৰ পৰা তিনিজন উঠি আহি থকা এখন তীব্ৰবেগী বাইকেৰে বোকাজান দিশৰ পৰা ডিমাপুৰৰ অভিমুখে গৈ থকা AS 03 AG 6845 মাৰুটি এল্টো বাহনৰ মাজত মুখা মুখি সংঘৰ্ষৰ ফলত দুর্ঘটনাটো সংঘটিত হয় ।
দুৰ্ঘটনাটোত বাইক আৰোহি তিনিজনৰ দুজন দুর্ঘটনাস্থলীতে নিহত হয় ।
নিহত দুজন বোকাজানৰ খটখটীৰ ( গৱাকে টেপ 40 ) Gwakey Tep আৰু (অবি টেপ 33 ) Abi tep হোৱাৰ লগতে এল্টো বাহনখনৰ দুজন ব্যক্তি গোলাঘাট জিলাৰ জাকিৰ হুছেইন ( 57 ) অঞ্জুমা খাটুন আৰু বাইকত অহা আনজন ব্যক্তি খটখতি ( লাভি আছ’ ) গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় ।
গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত ব্যক্তি কেইজনক ততাতৈয়াকৈ বোকাজানৰ সামুহিক চিকিৎসালৈ প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও আঘাত গুৰুতৰ হোৱা বাবে ব্যক্তি তিনিজনক বোকাজান সামুহিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰে ।
