কাৰবি আংলং জিলাৰ খটখটিত ভয়ংকৰ পথ দুৰ্ঘটনা
খটখটি লাহৰিজানৰ ড্ৰিম স্কাই হোটেলৰ সমীপত নিশা এক শুকাবহ পথ দুৰ্ঘটনা।
এখন HR 45 C 9520 নম্বৰৰ ট্ৰাক খনৰ চেপাত নিহত এজন।
জানিব পৰা অনুসৰি ট্ৰাকখন ডিমাপুৰলৈ যাবলৈ লোৱাৰ সময়তে হেণ্ডিমেনজন ট্ৰাকখনৰ তলত সোমাই পৰে।
হেণ্ডিমেন গৰাকীৰ মূৰৰ ওপৰেৰে ট্ৰাকখন পাৰ হৈ যোৱাৰ ফলত লোকজন থিতাতে নিহত হয়।
জানিব পৰা অনুসৰি নিহত ট্ৰাকখনৰ হেণ্ডিমেন জন যমুনা নগৰ জিলাৰ প্ৰমোদ কুমাৰ বুলি চিনাক্তকৰণ কৰিছে। লগতে ট্ৰাকখনৰ চালক জনক আটক কৰিছে খটখটী আৰক্ষীয়ে ।
