কামপুৰ আঞ্চলিক বন বিষয়া ৰঞ্জিত ফুকনৰ আৰ্শীবাদতে কামপুৰৰ মাজমজিয়াৰে দৈনিক চলাচল কৰে অবৈধ বালি ভৰ্তি অভাৰ লোডিং ডাম্পাৰ

কামপুৰ আঞ্চলিক বন বিষয়া ৰঞ্জিত ফুকনৰ আৰ্শীবাদতে কামপুৰৰ মাজমজিয়াৰে দৈনিক চলাচল কৰে অবৈধ বালি ভৰ্তি অভাৰ লোডিং ডাম্পাৰ ৷ দেওবাৰে স্থানীয় ৰাইজে চালান বিহীন ভাৱে বালি কঢ়িয়াই আনা ৪ খনকৈ ডাম্পাৰ কামপুৰ আৰক্ষীৰ গতাই দিয়ে ৷ আৰক্ষীয়ে পাছত অবৈধ বালি ডাম্পাৰ সমূহ নিজৰ জিম্বাত লৈ কামপুৰ বন বিভাগক চমজাই দিয়ে ৷ কামপুৰ আঞ্চলিক বন বিষয়া ৰঞ্জিত ফুকনে অবৈধ বালি ডাম্পাৰ সমূহৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহন নকৰি নিশাৰ ভিতৰতে চালান তৈয়াৰ কৰি বালি ডাম্পাৰ সমূহ এৰি দিয়ে ৷ এতিয়া প্ৰশ্ন হয়, কামপুৰ আৰক্ষীয়ে জব্দ কৰা চালান বিহীন বালি ডাম্পাৰ সমূহ কি দৰে বন বিষয়া গৰাকীয়ে মুকলি কৰি দিলে ৷ চৰকাৰী নীতি নিয়ম নামানি নিজৰ মইমতালিৰে বন বিষয়া গৰাকীয়ে বন বিভাগ চলোৱাত একপ্ৰকাৰ চৰকাৰৰ বৃহৎ ৰাজহ হেৰুৱাইছে ৷ বন বিষয়া ৰঞ্জিত ফুকনৰ নেত্বততে কামপুৰত চলি আছে কেইবাটাও অবৈধ কাঠ ফলা মিল ৷ সকলো দেখিও চকুমুদা কুলিৰ ৰূপত আছে নগাঁৱৰ বন বিষয়া(DFO) ভাস্কৰ ডেকা ৷ আনহাতে বালি গাড়ী সমূহ এৰি দিবলৈ কামপুৰৰ বন বিভাগে কামপুৰৰ একাংশ সাংবাদিককো লিখিত ভাৱে NOC দিবলৈ ভাবুকি প্ৰদান কৰে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *