কাটিহাৰ জিলাত ভয়ংকৰ নাওঁ দুৰ্ঘটনা

কাটিহাৰ জিলাৰ মণিহাৰীত এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে। হাটকোল গংগা ঘাটৰ সমীপত নদীত ডুব গৈছে এখন নাও। এই দুৰ্ঘটনাত সন্ধানহীন হৈছে ৭ জন কৃষক। সম্প্ৰতি নদীত নিৰুদ্দেশ হোৱা কৃষককেইজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে এছ ডি আৰ এফৰ দলে।গংগা ঘাটত এই ঘটনাক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, গংগা নদীৰ আনটো পাৰে থকা ডায়াৰা অঞ্চলত বহু কৃষকে পাৰৱালৰ খেতি কৰিছে।খেতিয়কসকলে নাৱৰ সহায়ত এই খেতি পথাৰলৈ অহা-যোৱা কৰে। আজিও খেতিৰ বাবে ১২ জন লোক নাৱেৰে গংগা পাৰ হৈ গৈ আছিল। কিন্তু নাওখন নদীৰ মাজ পোৱাৰ সময়তে হঠাত নিয়ন্ত্ৰণহীন হৈ পৰে। এনে পৰিস্থিতিত নাওখনত থকা লোকসকলে আতংকত হুৱাদুৱা কৰিবলৈ ধৰে আৰু নাওখনৰ এটা ফালৰ ওজন বাঢ়ি গৈ অলপ সময়ৰ ভিতৰতে নাওখন গংগাত ডুব যায়।নিৰুদ্দিষ্ট লোকসকলৰ ভিতৰত দুগৰাকী কিশোৰীও আছে বুলি জানিব পৰা গৈছে। এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা মতে নাৱত থকা এজন যুৱকে, নিজৰ জীৱনৰ প্ৰতি ভ্ৰুক্ষেপ নকৰাকৈয়ে দুটি শিশুক আন এখন নাওত উঠাবলৈ চেষ্টা কৰিছিল। এই চেষ্টাৰ সময়ত যুৱকজনেই নদীত ডুব যোৱা বুলি মহিলাগৰাকীয়ে সদৰী কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *