কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ভাল খবৰ

অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ বাবে ভাল খবৰ । চলিত পৰ্যটন বৰ্ষৰ আৰম্ভণিতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত বৃহৎ সংখ্যক পৰ্যটকে ভ্ৰমণ কৰা দেখা গৈছে । ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই সদৰী কৰা মতে, চলিত পৰ্যটন বৰ্ষৰ প্ৰথম মাহতে প্ৰায় ৬৫ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । এই তথ্যৰ ওপৰত ভিত্তি কৰিয়ে এইবাৰ কাজিৰঙাত আৰু অধিক পৰ্যটকে ভ্ৰমণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ।এইবাৰৰ পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ পাছতে অক্টোবৰ মাহত প্ৰায় ২৯ হাজাৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰে। অক্টোবৰ মাহত ভ্ৰমণ কৰা মুঠ ২৮,৯৮০ গৰাকী পৰ্যটকৰ ভিতৰত ২৮,৪০১ জন ঘৰুৱা পৰ্যটক থকাৰ বিপৰীতে ৫৭৯ জন বিদেশী পৰ্যটক আছিল বুলি জানিবলৈ দিছে বিষয়া গৰাকীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *