কাজিগাওঁ আৰক্ষীৰ জিম্মাত দুগৰাকী ড্ৰাগছ সৰবৰহকাৰী।দুয়োগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক ৰাইজে খেদী— খেদী গতালে আৰক্ষীক।দীৰ্ঘ দিনৰ পৰা ধুবুৰীৰ গৌৰীপুৰ আৰু পৰ্বতঝোৰাত একাংশ যুৱকে চলাই আহিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা।গৌৰীপুৰ আৰু কাজিগাওঁ আৰক্ষী থানাৰ আৰক্ষীয় এজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি অহা সত্বেও এতিয়াও চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা।আজি কাজিগাওঁ আৰক্ষী থানাৰ শান্তিপুৰ গাওঁত এইদুগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক ৰাইজে—খেদী—খেদী আটক কৰি কাজিগাওঁ আৰক্ষীক চমজাই দিয়ে।ইতিমধ্যে কাজিগাওঁ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰমজান আলী সেখে তদন্ত অৱ্যহত ৰাখিছে।ড্ৰাগছ সৰবৰাহকাৰী দুজন হল কাজিগাওঁৰ ফিজো মুছাহাৰী (২২)আৰু শান্তিপুৰ ৰাভাপাৰাৰ গোলজাৰ হোছেন (২৪)বুলি জানিৱ পৰা গৈছে।
