এইবাৰ ৯৪২জন সৈনিকক সন্মানিত কৰিব ৰাষ্ট্ৰপতিয়ে । ইয়াৰ ভিতৰত ৯৫ জন জোৱানক বীৰত্ব বঁটা, ১০১ জনক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদক আৰু ৭৪৬ জনক উৎকৃষ্ট সেৱাৰ বাবে পদক প্ৰদান কৰা হ’ব। বীৰত্ব বঁটা লাভ কৰা ৯৫ জন জোৱানৰ ভিতৰত ৭৮ জন আৰক্ষী কৰ্মী আৰু ১৭ জন অগ্নি নিৰ্বাপক বিভাগৰ জোৱান।ইয়াৰ উপৰিও অসমৰ কেইবাগৰাকীও আৰক্ষী বিষয়া-জোৱানক প্ৰদান কৰা হ’ব ৰাষ্ট্ৰপতিৰ পদক। আৰক্ষীৰ উৎকৃষ্ট সেৱাৰ বাবে অসম আৰক্ষীৰ DIG ইন্দ্ৰাণী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ পদক আগবঢ়োৱা হৈছে। লগতে ৰাজ্যৰ ১৪গৰাকী আৰক্ষী বিষয়া-জোৱানলৈ ৰাষ্ট্ৰপতিৰ উৎকৃষ্ট সেৱা পদক আগবঢ়োৱা হৈছে ।