কলিয়াবৰত ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ ।মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত বাতিল আৰু পৰীক্ষা বাতিলৰ বিৰুদ্ধে কলিয়াবৰতো প্ৰতিবাদ । কুঁৱৰীটোল ৰাষ্ট্ৰীয় ঘাই পথত শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ জনাই কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই । ছেৱা মূর্দাবাদ , ৰনোজ পেগু মূর্দাবাদ ধ্বনিৰে প্ৰতিবাদকাৰী সকলে উত্তাল কৰি তোলে ।
