কলগাছিয়াৰ লাচাংগা বজাৰত ৫০ টকাৰ বাবে মাৰপিট

কলগাছিয়াৰ লাচাংগা বজাৰত ৫০ টকাৰ বাবে মাৰপিট । গুৰুতৰ ভাৱে আহত দুই ভাতৃ লগতে এগৰাকী মহিলা। কলগাছিয়া থানাত এজাহাৰ দাখিল। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাচাংগা বজাৰত
আবেলি এটি পৰিয়ালৰ তিনিজনকৈ লোক আহত । উল্লেখযোগ্য যে বিগত তিনি মাহ পূৰ্বে লাচাংগা গাঁওৰ আবুল হোছেইনে৫০ টকাৰ ব্রইলাৰ মাংস বাকী লৈছিল ফজল হকৰ পৰা তাৰ বাবে আবেলি দোকানৰ সন্মুখত বাকী টকা খোজাৰ বাবেই কাজিয়াৰ সৃষ্টি হৈছিল। সেই সূত্ৰপাতৰ পৰা দুই পৰিয়ালৰ মাজত এক ডাঙৰ কাজিয়াৰ সৃষ্টি হয়। মাত্ৰ ৫০ টকাৰ ব্ৰলাৰ মাংসৰ টকা লৈ মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰে। পিছমুহূৰ্তত ফজল হক, জয়নাল আব্দিন আৰু তাছলিমা খাতুুন ঘৰলৈ গৈ থকা অৱস্থাত পিছফালৰ পৰা হাইদৰ আলী আৰু আবুল হোছেইনে বাঁহেৰে মাৰপিট কৰি প্ৰাণে মৰাৰ চেষ্টা চলায় বুলি ভুক্তভোগীয়ে জানিবলৈ দিয়ে। পিছমুহূৰ্তত ৰাইজৰ তৎপৰতাত দুয়োজনকে আহত অৱস্থাত উদ্ধাৰ কৰি কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। উক্ত ঘটনা সংক্ৰান্তে ভুক্তভোগীয়ে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দিয়া বুলি জানিব দিয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *