কলগাছিয়াৰ বালিকুৰী অঞ্চলত চুৰৰ চাফাই অভিযান



কলগাছিয়াৰ বালিকুৰী অঞ্চলত চুৰৰ চাফাই অভিযান। একে নিশাই তিনিটা ঘৰত চুৰি কাণ্ড সংঘটিত হয়।

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰী অঞ্চলৰ ৰুভি, চানপুৰ গাঁওত নিশা সংঘটিত হয় তিনিটাকৈ ঘৰত চুৰি কাণ্ড।

জানিব পৰা মতে সুনাপুৰ
গাঁও পঞ্চায়তৰ ৰুভি গাঁওৰ ছাইফুল ইছলাম, চানপুৰ গাঁওৰ আব্দুছ ছালাম, আৰু আনোৱাৰা বিধৱাৰ ঘৰত যোৱা নিশা চুৰি কাণ্ড সংঘটিত হয়।

চুৰে তিনিওটা ঘৰতে একে পদ্ধতিৰে চুৰি কাৰ্য সম্পন্ন কৰে। সকলো কেইটা ঘৰত চুৰে সিন্ধি খান্দি ভিতৰত সুমুৱাই ঘৰৰ সকলো ধৰনৰ সামুগ্ৰীৰ লগতে টেবুলো লৈ যায়।

ঘৰৰ গৰাকীয়ে ঘৰত চুৰি কাণ্ড সংঘটিত হোৱা বুলি জানিব পাৰি ঘৰখনত হুৱা-ধোঁৱা পৰিবেশৰ সৃষ্টি হয়। লগতে চুৰি হোৱা টেবুলখন ওচৰৰে পথাৰত তলা ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে গৰাকী সকলে।

ছাইফুল ইছলামৰ ঘৰৰ পৰা আনুমানিক ১.৫ লাখ টকা, আনোৱাৰা বেৱাৰ ঘৰৰ পৰা আনুমানিক ২ লাখ টকা আৰু আব্দুচ ছালামৰ ঘৰৰ পৰা আনুমানিক ১.৫ লাখ টকাৰ গহনাৰ লগতে প্ৰয়োজনীয় সা-সামগ্ৰী চুৰি কৰা বুলি জানিব দিয়ে।

ইতিমধ্যে ভূক্তভোগী পৰিয়ালে বালিকুৰী আৰক্ষী চকীত চুৰি সন্দৰ্ভত এজাহাৰ দাখিল কৰে। ভূক্তভোগী পৰিয়ালে উচিত তদন্ত কৰি চোৰক আটক কৰিবলৈ আহ্বান আৰক্ষী প্ৰশাসনক।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *