কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজৰ চিকিৎসক ধৰ্ষণ তথা হত্যাৰ গোচৰৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। কেন্দ্ৰীয় সংস্থা চিবিআইয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তত দৈনিক পোহৰলৈ আহিছে নতুন নতুন তথ্য। ইফালে এই নৃশংস ঘটনাৰ ভুক্তভোগী চিকিৎসকগৰাকীক ন্যায় প্ৰদানৰ দাবীত ঘটনাৰ পিছৰ পৰাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল কলকাতাৰ কনিষ্ঠ চিকিৎসকসকলে। অৱশেষত আজি কনিষ্ঠ চিকিৎসকসকলে এই প্ৰতিবাদৰ অন্ত পেলাই নিজ নিজ কৰ্মস্থলীলৈ উভতিছে। সুদীৰ্ঘ ৪২ দিনৰ মূৰত প্ৰতিবাদস্থলীৰ পৰা কৰ্মস্থলীলৈ উভতিছে চিকিৎসকসকল।চিকিৎসকসকলে জানিবলৈ দিয়া মতে তেওঁলোকে আংশিকভাৱেহে কামলৈ ঘূৰি আহিছে, সেয়েহে তেওঁলোকে অ’পিডিত কাম কৰাৰ পৰা বিৰত থাকিব। তেওঁলোকে কেৱল অত্যাৱশ্যকীয় আৰু জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰতহে সেৱা আগবঢ়াব বুলি চিকিৎসকসকলে উল্লেখ কৰিছে।বংগ চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰী কৰালৈ তেওঁলোকে এসপ্তাহ সময় অপেক্ষা কৰিব আৰু যদি সেই সময়ৰ ভিতৰত চৰকাৰৰ প্ৰতিশ্ৰুতি পূৰণ নহয়, তেন্তে পুনৰ ধৰ্মঘটলৈ ঘূৰি যাব বুলি কনিষ্ঠ চিকিৎসকসকলে লগতে হুংকাৰ দিছে।