কমলা হেৰিছক পৰাজিত কৰি হোৱাইট হাউচ যাবলৈ সাজু ট্ৰাম্প

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত ড’নাল্ড ট্ৰাম্প। কমলা হেৰিছক পৰাজিত কৰি হোৱাইট হাউচ যাবলৈ সাজু ট্ৰাম্প। জয়ৰ নিশ্চিয়তা হোৱাৰ পাছতেই ট্ৰাম্পে সমৰ্থকসকলক ধন্যবাদ জ্ঞাপন কৰে।প্ৰায়ে বিতৰ্কত থকা ট্ৰাম্পৰ প্ৰতিদ্বন্দ্বী আছিল কমলা হেৰিছ। কিন্তু তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ট্ৰাম্পে জয়ৰ বাবে প্ৰয়োজন হোৱা ২৭০ মেজিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। অৱশ্যে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলৰ আনুষ্ঠানিক ঘোষণা হ’বলৈ এতিয়াও বাকী আছে। আমেৰিকাৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি বহু সংখ্যক ভোটত ৰিপাব্লিকান প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে জয় লাভ কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *