কংগ্ৰেছৰ আমন্ত্ৰনত বিৰোধী শিবিৰৰ বৈঠকত নিমন্ত্ৰণ নাপালে আপ আৰু তৃণমূল কংগ্ৰেছে ।
তাকে কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া ব্যক্ত আম আদমী পাৰ্টিৰ ।
ভূপেন বৰাই কিয় আপক আমন্ত্ৰন নিদিলে সেই সন্দৰ্ভত আচৰ্য প্ৰকাশ আম আদমী পাৰ্টিৰ ।
পাঠশালাত সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে আম আদমী পাৰ্টিৰ অসমৰ যুটীয়া সমন্বয়ক কমল কুমাৰ মেধীয়ে।
আনকি ৰাষ্ট্ৰীয় নেতৃত্বৰ সতেও এই সন্দৰ্ভত কোনো যোগাযোগ হোৱা নাই বুলি স্পষ্ট কৰে কমল কুমাৰ মেধিয়ে ।
মণিশ চিছোদিয়াৰ গ্ৰেপ্তাৰ সন্দৰ্ভতো কংগ্ৰেছে এতিয়া লৈ মাত নমতাত আক্ষেপ প্ৰকাশ আম আদমী পাৰ্টিৰ ।
