এৰিয়া কামাণ্ডাৰ সহ ৯ দুৰ্ধৰ্ষ উগ্ৰপন্থী কেডাৰৰ অস্ত্ৰসহ আত্মসমৰ্পণ

আদিবাসী উগ্ৰপন্থী সংগঠন আপলাৰ স্বয়ম্ভু উপ-সৈনাধ্যক্ষ, এৰিয়া কমাণ্ডাৰ সহ ৯ দুৰ্ধৰ্ষ উগ্ৰপন্থী কেডাৰৰ অস্ত্ৰসহ আত্মসমৰ্পণ

কিছুদিন পূৰ্বে আনলাকে ধৰি কেইবাটাও অস্ত্ৰবিৰত উগ্ৰপন্থী সংগঠনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰি স্থায়ী শান্তিৰ পৰিৱেশ সূচনা কৰাৰ সময়তে আদিবাসী পিপʼলছ লিবাৰেশ্যন আৰ্মী চমুকৈ আপলাৰ শীৰ্ষ নেতৃত্বকে ধৰি ৯ জন দুৰ্ধৰ্ষ কেডাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ বাতৰি পোৱা গৈছে। সেই অনুসৰি যোৱানিশা খটখটী আৰক্ষী থানাত আত্মসমৰ্পণ কৰা উগ্ৰপন্থী কেডাৰকেইগৰাকী ক্ৰমে স্বয়ম্ভু উপ-মুখ্য সৈনাধ্যক্ষ জয়ন্ত হাও (৩১), এৰিয়া কমাণ্ডাৰ ডিমেশ ওৰাং (২৬), মেজৰ জেনেৰেল চাহাটʼ ইমচুংগাৰ (২৪), বিমল টপ্ন (৪৫), চটু কৰ্মকাৰ (২৪), গোপাল বৰাইক (৩৮), চৌজা শ্যাম (২৩), জোচেফ বাৰ্লা (৩৮) আৰু পল খাৰিয়া (৩৪) বুলি চিনাক্ত কৰা হৈছে। আত্মসমৰ্পণকাৰী আৰক্ষীৰ দলটোৱে এটা চেমি অটোমেটিক পইন্ট ২২ ৰাইফল, এটা এছ বি বি এল বন্দুক, এটা হাতে সজা বন্দুক, এটা পইন্ট ২২ ৰাইফল, এটা পইন্ট ৩২ পিষ্টল, দুটা গ্ৰেণেড আৰু ৩২ ৰাউণ্ড পইন্ট ২২ সজীৱ গুলি আৰক্ষীক জমা দিয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *