এদিনৰ বাবে জিলা উপায়ুক্ত হ’ল এজন দশম শ্ৰেণীৰ ছাত্ৰ

চিনেমা কাহিনীৰ দৰে ৰিয়েল জীৱনত সংঘটিত হল এটা ঘটনা।যিটো ঘটনা শুনিলে আপুনিও আচৰিত হব।হয় অনিল কাপুৰে অভিনয় কৰা জনপ্ৰিয় হিন্দী চলচ্চিত্ৰ ‘নায়ক’ৰ কাহিনী আপোনাৰ নিশ্চয়কৈ মনত আছে।আজি আপোনালোকক যি ক’বলৈ ওলাইছো সেয়া কোনো চিনেমাৰ কাহিনী নহয়, এইখন অসমৰে বাস্তৱ ঘটনা। ‘নায়ক’ৰ দৰেই এদিনৰ কাৰণে শিৱসাগৰ জিলা আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰিলে ডিমৌৰ এজন দশম শ্ৰেণীৰ ছাত্ৰই। উল্লেখযোগ্য যে ডিমৌৰ বকতা বৰবাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ভাগ্যদীপ ৰাজগড়ে এদিনৰ বাবে শিৱসাগৰ জিলা আয়ুক্ত হিচাপে আজি দিনটোৰ বাবে দায়িত্ব গ্ৰহণ কৰে। শিৱসাগৰৰ বকতা বৰবাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ভাগ্যদীপ ৰাজগড়ে আজি দেউৰীটিং চাহ বাগিচাৰ বৰলাইনৰ গৃহৰ পৰা আয়ুক্তৰ গাড়ীত উঠি আয়ুক্তৰ কাৰ্যালয়লৈ গৈ দিনটোৰ বাবে কাৰ্যালয়ৰ কাম কাজ চলাব।উল্লেখযোগ্য যে, অসম চৰকাৰৰ ‘আৰোহণ” আঁচনিৰ অধীনত এদিনৰ বাবে জিলা উপায়ুক্তৰ দায়িত্ব গ্ৰহণ কৰা মেধাৱী ছাত্ৰগৰাকীৰ মেন্টৰ হিচাপে থাকিব জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *