এতিয়াৰে পৰা বিচাৰিলেও য’তে-ত’তে নাপাব মাংস!

25

এতিয়াৰে পৰা বিচাৰিলেও য’তে-ত’তে নাপাব মাংস!

গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি এইখন জিলাত।

মৰিগাঁও জিলাত মাংস কটা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে।

জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন,

১৯৬০ ৰ অধীনত মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই মাংস কটা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে।

১৯৬০ আৰু জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ (কচাইখানা) নিয়ম, ২০০১ৰ ধাৰা (৬) (১)ৰ অধীনত কোনো জীৱ-জন্তুক অন্য জীৱ-জন্তুৰ দৃষ্টিগোচৰ হোৱাকৈ বধ কৰাত বাধা আৰোপ কৰা হৈছে।

এই নিৰ্দেশ উলংঘা কৰিলে নিৰ্ধাৰিত আইনৰ অধীনত শাস্তি প্ৰদান কৰা হ’ব।

তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ জাৰি কৰা হৈছে।