একফালে বিদ্যুৎৰ লুকাভাকু খেল আৰু আনটো ফালে বন্যহস্তীৰ উপদ্ৰৱ ।চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ২ নং দাৰাঙ্গা টিলাপাৰাত বন্যহস্তীয়ে উপদ্ৰৱ চলায় । উক্তগাওঁৰে অঞ্জলি আৰ্য্যৰ
নামৰ এগৰাকী মহিলাৰ বাসগৃহ ভাঙি তহিলং কৰে বনৰীয়া হাতীয়ে । নিশা এফালে নাই বিদ্যুত আনফালে ধাৰাষাৰ বৰষুণৰ মাজতে বনৰীয়া হাতীয়ে এই উপদ্ৰৱ চলাই।
সংৰক্ষিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বন্যহস্তী গাঁওখনত প্ৰৱেশ কৰি দীৰ্ঘ সময় ধৰী উপদ্ৰৱ চলায়।
লগতে প্ৰেমানন্দ সৰকাৰৰ ১ বিঘাতকৈ অধিক মাকৈ খেতি ,ৰঙা লাউৰ খেতিৰ লগত অনান্য খেতি বিনষ্ট কৰে বনৰীয়া হাতীয়ে । উক্ত স্থানত বন বিভাগৰ লোকে উপস্থিত হৈ ক্ষয় ক্ষতিৰ বুজ লয় ।