ঈদৰ আনন্দৰ মাজতে ভয়ংকৰ দুৰ্ঘটনা

55

সোমবাৰে ঈদৰ উৎসৱৰ মাজতে শিলচৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই ভয়ংকৰ দুৰ্ঘটনা আজি দিনৰ প্ৰায় ১১:৩০ বজাত সোণাবাৰীঘাট বাইপাছত সংঘটিত হয়।ৰামনগৰ দিশৰ পৰা গৈ থকা এখন আই টেন বাহনত বিপৰীত দিশৰ পৰা দ্ৰুত গতিত অহা আন এখন বাহনে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত আই টেন বাহনখন ভাঙি চুৰমাৰ হৈ পৰে। চাৰি চকীয়া বাহনখনত একমাত্ৰ চালক জনেই আছিল। ফলত কোনো লোকক হতাহত হোৱা নাই। বাহনখনৰ‌ চালক ছানাই মিঞা চৌধুৰী গুৰুতৰভাৱে আহত হয়। আহত হোৱা চালকজনৰ ৰামনগৰৰ ৬ষ্ঠ খণ্ডৰ বাসিন্দা ।