গণৰাজ্য দিৱসৰ কাৰ্যসূচীত এইবাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাব’অ’ ছুবিয়ানটো। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ সন্মানাৰ্থে গণৰাজ্য দিৱস উদযাপনৰ অন্তত সন্ধিয়া এক ভোজমেলৰ আয়োজন কৰে। এই ভোজমেলত ছুবিয়ানটোৱে কৰা এক মন্তব্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।এই ভোজমেলৰ সময়ছোৱাতে ইণ্ডোনেছিয়ান ৰাষ্ট্ৰপতি ছুবিয়ানটোৱে এক বিশেষ মন্তব্যৰে সকলোকে হাস্যৰসৰ দিয়ে। তেওঁ ৰসিকতাৰে শেহতীয়াকৈ ডি এন এ পৰীক্ষাত তেওঁৰ পূৰ্বপুৰুষ ভাৰতীয় আছিল বুলি প্ৰকাশ পোৱা বুলি মন্তব্য কৰে। তেওঁ কয়, “কিছু সপ্তাহৰ পূৰ্বে মই মোৰ জেনেটিক ছিকুৱেন্সিং টেষ্ট আৰু ডি এন এ টেষ্ট কৰিলো।” এই ভোজমেলত ভাৰত আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিদ্বয়ৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰকে ধৰি গণ্যমান্য লোকসকলে অংশ লয়।ৰাষ্ট্ৰপতিগৰাকীৰ এই বক্তব্য শুনি ভাৰতীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰকে ধৰি অতিথিসকলে হাঁহিবলৈ ধৰে।