বটদ্ৰৱাত পাচঁ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ’ব শ্ৰী শ্ৰী কৃষ্ণ দৌল যাত্ৰা মহোৎসৱ ।তুংগত উঠিছে প্ৰস্তুতি।আৱিৰৰ ৰঙেৰে ৰঙীণ হ’ব গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা । পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱভাগ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ’ব । অহা ইং ৬ মাৰ্চ সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া দৌল মহোৎসৱ ভাগ ১০ মাৰ্চ শুক্ৰবাৰে অন্ত পৰিব । ইতিমধ্যে দৌল মহোৎসৱৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে । ২০ লক্ষাধিক ভক্তৰ সমাগম ঘটিব দৌল মহোৎসৱভাগত । অতিথি সকলক আদৰিবলৈ প্ৰস্তুত প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতে বটদ্রৱাবাসীয়ে । মহোৎসৱৰ আটাইকেইদিনেই নিশা প্ৰদৰ্শিত হব গুৰুজনাৰ অপুৰ্ব সৃষ্টিৰাজি অংকীয়া ভাওনাৰ লগতে সত্ৰীয়া নৃত্য অনুস্থান , হোলী গীত আৰু বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসুচী । মহোৎসৱভাগ সফল কৰি তুলিবলৈ ইতিমধ্যে নগাওঁ জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহন কৰিছে । সমগ্ৰ অনুস্থান ভাগত বটদ্ৰৱাত উপস্থিত থাকিব অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী – বিধায়ক।
