সমগ্ৰ ৰাজ্যৰ লগতে আসাম ষ্টেট আউটচৰ্চ পাৱাৰ ৱাৰকাৰ্ছ ইউনিয়নৰ বিজনী শাখা সমিতিয়ে বিজনী বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয় চৌহদত আজি ৰাতিপুৱা ৫ বজাৰ পৰা আবেলি ৫ বজালৈ ১২ ঘন্টিয়া কৰ্মবিৰতী কাৰ্যসূচী ৰূপায়ণ কৰে।
উল্লেখযোগ্য যে
অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ আৰু ১১দফীয়া দাবী পূৰণৰ দাবীত অনুষ্ঠিত কৰা হয় এই কৰ্মবিৰতি কাৰ্য্যসূচী।উল্লেখযোগ্য যে সমগ্ৰ অসমত বিদ্যুৎ বিভাগৰ বিভিন্ন পদত পাচঁ হাজাৰতকৈ অধিক অস্থায়ী কৰ্মচাৰী কৰ্মৰত হৈ আছে যদিও বিদ্যুৎ বিভাগে অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে অস্থায়ী কৰ্মচাৰীসকল।