আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ওপজা দিন অসমীয়াৰ প্ৰাণৰ শিল্পী, বিশ্ববৰেণ্য, যিগৰাকী মহান শিল্পীক বাদ দি অসমীয়াৰ নক্সা কেতিয়াও তৈয়াৰ কৰিব নোৱাৰি সেইগৰাকী শিল্পীৰ আজি ৯৭ সংখ্যক ওপজা দিন। হাজৰিকাৰ ওপজা দিনটো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হৈছে। যুগজয়ী, চিৰসেউজ গীতেৰে শতসহস্ৰ জনক মোহাচ্ছন্ন কৰি ৰখা ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক গীত-মাত, বিভিন্ন অনুষ্ঠানেৰে আজি স্মৰণ কৰিব গুণমুগ্ধসকলে
