আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনৰ শুনানি

ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তৰ খণ্ড বিচাৰপীঠত হ’ব শুনানি

সুৰানীতি কেলেংকাৰিৰ গোচৰত সম্প্ৰতি তিহাৰ জে’লত কাৰাৰুদ্ধ হৈ আছে কেজৰিৱাল

লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাব নে কেজৰিৱালে?

অন্তৱৰ্তীকালীন জামিন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে দিব পাৰে সিদ্ধান্ত

দেশৰ ৰাজধানী দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল এমাহতকৈও অধিক সময় কাৰাগাৰত বন্দী হৈ আছে৷

বৰ্তমান তেওঁ তিহাৰ কাৰাগাৰত কাৰাবন্দী হৈ আছে।

ইডিৰ গ্ৰেপ্তাৰৰ বৈধতাক আদালতত প্ৰত্যাহ্বান জনাইছে অৰবিন্দ কেজৰিৱালে।

বিচাৰ আদালত আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা সকাহ নোপোৱাৰ পিছত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে